Dolly Dutta
Quote by Dolly Dutta - যাত্ৰা

জীৱনৰ জানো সমাপ্তি আছে?
আশাৰ জানো অন্ত আছে?
চিৰদিন চিৰকাল বৈ যায় মাথো
 অবিশ্ৰান্ত,নদীৰ কোবাল সোঁতৰ দৰে।

 যাত্ৰাৰো আছে অন্য এক যাত্ৰা,
শূণ্যৰ পৰা আৰম্ভ হৈ শূণ্যতেই ৰৈ যায়
শতসহস্ৰ মৰ্মন্ত্তুদ উত্তৰবিহীন  প্ৰশ্ন।  

জীৱনে জানে কি,সপোনে বুজে কি দিথকৰ দুর্বোধ্যকতা 
আশাতেই নিৰাশা আৰু জোনাকতেই অমানিশা,
তেন্তে সপোনৰ কিয় হয় প্ৰয়োজনীয়তা?

--ডলী দত্ত। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments